তোমাৰ সান্নিধ্যৰ মধুৰ দিনবোৰত. . . .
আশাবোৰে মিচিকিয়াই হাঁহিছিল . . . .
এমুঠি জোনাক সিঁচি দিছিলা মোৰ বুকুত . . . .
লুইতখন বহাৰ দৰে. . . .
হেঁপাহবোৰ লহপহকৈ বাঢ়ি আহিছিল . . . . .
মৰমবোৰে অভিমানী হৈ . . . . . . .
লুকা-ভাকু খেলিছিল. . . . . .
ওঠৰ ভাষাবোৰ সুৰ হৈ নিগৰিছিল. . . . . . . .
বিলীন কৰি দিছিলো তোমাতেই সকলো. . . .
অলপো কৰা নাছিলোঁ . . . .
অনুভৱ দুখৰ . . . .
প্ৰতিটো মুহূৰ্ত যে . . . .
'সৰগী সুখৰ' . . . .
এতিয়া তুমি নাই. . . .
ক্ৰমশঃ তুমি আতৰি গৈ আছা . . . .
অনুভৱ কৰিছোঁ . . . .
সীমাহীন দুখ . . . .
তোমাৰ মৰমেৰে উপচি পৰা. . . .
বুকুৰ পথাৰখন লাহে লাহে. . . .
উদং হৈ পৰিছে . . . .
উজাগৰী প্ৰতিটো নিশা পাৰ কৰো . . . .
তোমাৰ ভাৱনাতে. . .
কিয় বাৰু সিচী গলা এমুঠি . . . . .
জোনাক মোৰ বুকুতে . . .
হেপাঁহবোৰে চোন আকৌ গজালি মেলিছে. . . .
তোমাৰ অভিমান বোৰে. . . .
বুকুত জোৱাৰ তুলিছে . . .. .
এবাৰ ওভতি চোৱানা . . . . .
তুমি যে এতিয়াও মোৰ. . . . .
হেঁপাহবোৰ লহপহকৈ বাঢ়ি আহিছিল . . . . .
লুকা-ভাকু খেলিছিল. . . . . .
ওঠৰ ভাষাবোৰ সুৰ হৈ নিগৰিছিল. . . . . . . .
বিলীন কৰি দিছিলো তোমাতেই সকলো. . . .
অনুভৱ দুখৰ . . . .
প্ৰতিটো মুহূৰ্ত যে . . . .
'সৰগী সুখৰ' . . . .
ক্ৰমশঃ তুমি আতৰি গৈ আছা . . . .
সীমাহীন দুখ . . . .
বুকুৰ পথাৰখন লাহে লাহে. . . .
উদং হৈ পৰিছে . . . .
উজাগৰী প্ৰতিটো নিশা পাৰ কৰো . . . .
তোমাৰ ভাৱনাতে. . .
কিয় বাৰু সিচী গলা এমুঠি . . . . .
জোনাক মোৰ বুকুতে . . .
হেপাঁহবোৰে চোন আকৌ গজালি মেলিছে. . . .
তোমাৰ অভিমান বোৰে. . . .
বুকুত জোৱাৰ তুলিছে . . .. .
হৃদয়ৰ সীমালয় শীখৰত. . . . .
@মানস প্ৰতিম@
No comments:
Post a Comment