পুৰণি কবিতা সংগ্ৰহ

১/ বৰদৈচিলা


কবিঃ- হেমচন্দ্ৰ গোস্বামী


চ’তৰ বিহুত বৰদৈচিলা মাকৰ ঘৰলৈ যায়
গছ-গছনি ঘৰ-দূৱাৰ নিয়ে উৰুৱাই।
হিল দ’ল ভাঙি-ছিঙি মেলিছা ঢাপলি
লগত নিছা লগৰীয়া যত বা মাৰলি।

আউল বাউল চুলি মেলি মাৰিছা কিয় লৰ?
লাহে ধীৰে গ’লেও দেখোন পাবা মাৰাৰ ঘৰ।
চোতালত দিছোঁ বৰপীৰা কাকৈ ফণী তাতে
মুৰৰ চুলি মেলাই যোৱা ৰজাৰ ৰাজবাটে।
মাৰাই দিব মাধৈ ফুল, বাপেৰাই দিব খাৰু,
ককায়েৰাই দিব কাপোৰ কানি, ভায়েৰাই দিব কেৰু।
শুবলৈ দিব শীতল পাটি, বহিবলৈ দিব পীৰা,
খাবলৈ দিব জহা ধানৰ দোৱা ভজা চিৰা।
কাবৌ কৰি মাতিছোঁ আমি লাহে ধীৰে যোৱা
আমাৰ পঁজা ঘৰ কেউটি ভালে ভালে থোৱা।

ধূলিকণা মই


২/কবিঃ–চন্দ্রধৰ বৰুৱা

যিদিনা মৰিম মই,সেইদিনা বাৰু
জগতৰ কেনি হানি হ’ব ?
মৰিলোঁ নে আছোঁ,মই,এই কথাকেনো
পৃথিৱীৰ কিমানে জানিব ?

মই মৰিলেও দিন গ’লে ৰাতি হ’ব,
জোন বেলি ওলায়ে থাকিব;
গছত ফুলিব ফুল,বতাহ বলিব,
নিজ বাটে নক্ষত্র ঘূৰিব ।
আজিৰ দৰেই নিতে জগত চলিব,
নাই তাত অকণো সংশয়;
এই বিশ্ব-সংসাৰত কোনো নিয়মৰে
লৰচৰ অলপো নহয় ।
মই নোহোৱাৰ বাবে এই জগতৰ
কোনো কাম পৰি নাথাকিব,
কামত বিভোৰ এই বিশাল বিশ্বই
মই মৰা গমকে নাপাব ।
অনন্ত বিশ্বৰ অসংখ্য ধূলিৰ
এটি মাত্র ধূলিকণা মই;
মোৰ অবিহনে এই বিপুল সৃষ্টিৰ,
কেনিও অকণো হানি নাই ।

৩/
"পখিলা"কোন দেশৰ প্ৰাণী তুমি


কবিঃ- চন্দ্ৰকুমাৰ আগৰৱালা



ফুটুকীয়া সাজ তোমাৰ

হেঙুলীয়া ৰেখা;

কেতেকী ৰেণুৰে ঘঁহা

নাচনী পখিলা।

আগলি পাতত বহি তুমি

ৰ'দ-কাচলি লোৱা

ফুলৰ পাহিত আসন পাতি

ফুলৰ মৌ খোৱা।


মলয়াৰ ছাটি নাচি আহে গা

খৰ বাগৰ মাৰি,

তাতে তুমি উটি যোৱা

পুলুকাটি মাৰি।

মেঘলৈকো যোৱা দেখোঁ

স্বৰ্গৰ কথা কোৱা

দেৱকণ্যাৰ খোপাত তুমি

অলঙ্কাৰ হোৱা।

ৰ'দে ছায়ে মিলি তোমাক

ধুনীয়াটি কৰে

কুঁহিলা যেন গাটি তোমাৰ

কেনে বৰণ ধৰে।

শূন্যৰ কোলাত গা ঘেলাই

পানীত মুখ চোৱা,

পদুম ফুলৰ চকাত পৰি

তাতে মোহ যোৱা।

বনৰ মাজত পাতৰ আঁৰত

ক'ত তোমাৰ ঘৰ

কোন দেশৰ প্ৰাণী তুমি

কলৈ মাৰা লৰ?

৪/তেওঁলৈ


কবিঃ- তৰুণৰাম ফুকন

চুমাটি খাবলৈ পালে সি দুটি ওঁঠত,
লাখতো হেঁপাহ মোৰ থাকিব মনত ।
তথাপিতো সি মুখতে ওঁঠ দুটি থই,
প্রতি মাটিতে ৰম যুগ যুগ কই,

তাতো নুগুচিব মোৰ প্ৰাণৰ ধাউতি,
চুমাকেহে খাই ৰম তোমাকে সাৱটি।
নিছিগে তোমাৰে মোৰ বান্ধনি চুমাৰ;
সদায় চুমাকে খাম, খাম আৰু বাৰ।
পথাৰ ধান মাহ অশেষ অলেখ,
তাতোকই বেছি হ'লে নপৰিব শেষ।
আথৰিব মিছাকৈয়ে যতন নকৰোঁ
এৰিব পাৰিমনে ঐ? নোৱাৰোঁ নোৱাৰোঁ।
-----------------------------------------------
Gatullers- ৰ আৰ্হি লৈ Byron এ Ellen লৈ লিখা কবিতাৰ ভাঙনি

৫/বিষাদ

কবিঃ-ৰঘূনাথ চৌধাৰী


পুষ্প কাননত আছিল এজুপি
ধুনীয়া শেৱালী ফুল।
ধীৰ প্ৰৱাহত হইছিল ধৰা
গোন্ধতে আমোলমোল।


আকাশ নৰ্তকী খঞ্জনী অপ্সৰা
বিচিত্ৰ কাচোনে কাচি,
বিৰহ বিধুৰা প্ৰকৃতিবালাক
দিছিল অমিয়া যাচি।
নিষ্ঠুৰ নিদাঘ আহিল যিদিনা
সকলো পৰিল জঁয়,
সৰি গ'ল ফুল উৰি গ'ল পখী
জগত বিষাদদময়।
আকৌ এদিন আহিব শৰত
হাঁহিব শেৱালী পাহি,
ঠেও ধৰি ধৰি কৰিব নৰ্তন
খঞ্জনী পখীটি আহি।
হ'ব কুসুমিত কুসুমাভৰণা
কুসুম কাননখনি,
ধীৰে সমীৰণে কুসুমে কুসুমে
দিব পৰিমল সানি।
কিন্তু মোৰ সেই মানস-কুসুম
গইছে যিদিনা সৰি,
সৌন্দৰ্য্য-পৰাগ-শূন্য হিয়াখনি
নুঠে আৰু ঠন ধৰি।

No comments:

VERY GOOD MOBILE PHONE

https://amzn.to/2SMnycS