সাঁঁথৰ সংগ্ৰহ

১/ সাবিৰ মাজৰ শালৰ খুঁটা,

গাই দুষ্ট গাখীৰ মিঠা।।

উত্তৰ: মৌমাখি।।



২/ একাঠু পানীত ফুলজোপা ৰুলোঁ,

ফুলিল নে নুফুলিল চাবলৈ গ’লো।

উত্তৰ: চেপা ।।

৩/ কহে কবি কংকনে হিয়ালিৰ হিতা।
জন্ম দি এৰি যায় কাৰ পিতা-মাতা।।
ৰাতৃভাগে জন্ম তাৰ প্ৰভাতে মৰণ।
যাৰ ঘৰে জন্ম সি কৰায় ক্ৰন্দন।।
পিতৃসমে জন্ম তাৰ নাহিকয় মাওঁ।
আচোক মুখে পণ্ডিতে নাজানে ভাওঁ।।


উত্তৰ: 'চোৰ' চোৰে দিয়া সিন্ধি ।।



৪/ এক ভাই আছে ডালত , এক ভাই আছে স্থলত , দুই ভাই আকাশ মণ্ডলত ,চাৰিও ভাই লগ লাগে মৰণ কালত ?


উত্তৰ : তামোল - পাণ, চূণ, ধঁপাত ।।


৫/ সিংহাখনত বহি আছে নহয় নৃপতি
মূৰত কীৰিতি আছে নহয় সৰস্বতী ।।


উত্তৰ: মাটিকঠাল।।

৬/ ৰজা নহয় কিন্তু খাই বহি বহি
দিনে ৰাতিয়ে খুন্দা খাই দিয়ে যদি ভৰি।।


উত্তৰ : ঢেঁকীৰ গাড়ীশালি।।


৭/ ওপৰৰ পৰা পৰিল ডুম,

ডুমে বোলে মোৰ টিকা শুঙ।।

উত্তৰ: বেল।।



৮/ কিংকৰৰ কেশ , হুল যেন চকু দুটা নাঙলৰ বেশ ।।



উত্তৰ : মিছামাছ।।



৯/ ধোওঁতে থওঁ , বজাওঁতে থওঁ , ওলাওঁতে লওঁ , তাকে পিন্ধি মহা ভাগ্যৱান হওঁ ।।


উত্তৰ :আঙঠি।।



১০/ ধীৰে ধীৰে যায় হাত-ভৰি নাই , সকলোৱে খায় কাটিলেও মঙহ নাই ।।



উত্তৰ : পানী ।।



১১/ ইলিলিৎ চৰাইটোৱে বিলিলিৎ কৰে,সাগৰ দেখিলে পাংখা মেলে ।।


উত্তৰ : জাল ।।



১২/ ওপৰে চন্দ্ৰতাপ তৰিলে পৰে শাঁত মাজত এখন ঠেং , এৰি দিলে লাগে জেং ।।


উত্তৰ :- ছাতি ।।





১৩/ অকণমান পানীত বগলীটো চৰে,

পানীখিনি শুকাই গ’লে বগলীটো মৰে।।


উত্তৰ: চাকি ।।


১৪/ বাঘ হেন জাঁপ মাৰে,

কুকুৰ হেন বহে।

শিল হেন তল পৰে,

তুলা হেন ভাহে।।


উত্তৰ: ভেকুলী ।।


১৫/ উপজিয়ে মূৰত টুপী , কৃষ্ণ অৱতাৰে হৰিছিল গোপী , ৰাম অৱতাৰে ৰাৱণ বধি , সেই ব্যঞ্জনে শৱাই কাঁহী ।।


উত্তৰ :- বাঁহগাজ ।।


No comments:

VERY GOOD MOBILE PHONE

https://amzn.to/2SMnycS