অভি-নীল স্মৃতিত
"নিয়তি"
মই আহিলোঁ আই
সৌ নীলা আকাশৰ বুকুলৈ-------
তৰা-ভৰা আকাশখন আই
জিল-মিল জোনাকীৰে ভৰা,
সুকোমল জোনাকীৰ পৃথিৱী------
অ,,,,
তোকচোন কবলৈ আহৰিয়েই নাপালোঁ ------
সময়বোৰ বৰ নিষ্ঠুৰ জাননে আই???
ভুল কৰিলোঁ নেকি বাৰু???
ভুল মোৰ ক'ত হল আই???
হয়তো পিতাইৰ বাধা নেওচি আহিলোঁ বাবেই নেকি???
অহাৰ সময়ত বুকুখন কপিছিল জাননে,,,,,,
কিন্তু কি কৰিম আই,,,,,,
প্ৰকৃতিৰ মনোমোহা ৰূপেৰে সজোৱা মোৰ জীৱন,,,,,,
ইয়াৰ মাজতে বিচাৰি পাওঁ সকলোবোৰ,,,,,,
পাহাৰৰ সেউজীয়া বোৰ মোৰ মন বৰকৈ আকৰ্ষণ কৰিছিল আই,,,,,
কি যে মনোৰম দৃশ্য আই,,,,,
পাহাৰৰ শিখৰৰ পৰা নামি অহা জুৰিটিৰ কুলু কুলু শব্দবোৰে আৰু পাহাৰী মলয়াজাকৰ চেঁঁচা পৰশে দেহত এক অবুুজ সিহৰন ৰ সৃষ্টি কৰিছিল,,,,,,
প্ৰাণ ভৰি চাই আছিলোঁ ভাৱনাত বিভোৰ হৈ বেলি দুবাৰ পৰলৈকে,,,,,,
লাহে লাহে অন্ধকাৰ নামিছিল ধৰাৰ বুকুলৈ,,,,,
এজাক জোনাকী আহি কাণে কাণে মোক কিবা কৈছিল
আন্ধাৰ ফালি আহিছিল এজাক অচিনা পখিও,,,,,
কিৰিলিয়াই কিৰিলিয়াই সিহঁতে ও কিবা কৈ গৈছিল মোক,,,,
নুবুজিলো আই,,,,,
ওভতনি যাত্ৰা ৰ সময়লৈ নিয়তিয়ে যে অপেক্ষা কৰি আছে তাকেই বাৰে বাৰে কৈ গৈছিল সিহঁতে,,,,,
বৰ কষ্ট পাইছিলোঁ আই,,,,,
নিয়তিৰ প্ৰতি প্ৰহাৰত মই চিয়ৰিছিলো,,,,,
কান্দি কান্দি ভাগৰি পৰিছিলোঁ,,,,,
একোৱেই দেখা নাছিলোঁ আই,,,,,
দুচকুত মাথোঁ তহঁতৰ চবি,,,,,,
তহঁতক চোৱাৰ হেপাঁহত পাগলৰ দৰে চিয়ৰিছিলোঁ,,,,,,
নাই নোৱাৰিলো বুজাব আই ,নিষ্ঠুৰ নিয়তিৰ আঘাতত
তাতেই ধলি পৰিলোঁ,,,,
তই চাগে কান্দি আছ আই,,,
নাকান্দিবি আই,,,
এতিয়াও মই যে তহতৰ বুকুৰ মাজতেই।।
"ধন্যবাদ"
1 comment:
vry nice
Post a Comment