Wednesday, July 24, 2019

তোমাৰ সান্নিধ্যৰ মধুৰ দিনবোৰত .......


তোমাৰ  সান্নিধ্যৰ মধুৰ দিনবোৰত. . . .

মোৰ সপোনবোৰে পাখি মেলি উৰিছিল. . . . .
                    আশাবোৰে মিচিকিয়াই হাঁহিছিল . . . .

এমুঠি জোনাক সিঁচি   দিছিলা মোৰ বুকুত . . . .
লুইতখন বহাৰ দৰে. . . .
হেঁপাহবোৰ লহপহকৈ বাঢ়ি আহিছিল . . . . .

মৰমবোৰে অভিমানী হৈ . . . . . . .
                 লুকা-ভাকু  খেলিছিল. . . . . .
ওঠৰ ভাষাবোৰ সুৰ হৈ নিগৰিছিল. . . . . . . .
              
বিলীন কৰি দিছিলো তোমাতেই সকলো. . . .

অলপো কৰা নাছিলোঁ . . . .
                     অনুভৱ দুখৰ . . . .
প্ৰতিটো মুহূৰ্ত  যে . . . .
                     'সৰগী সুখৰ' . . . .

এতিয়া তুমি নাই. . . .
ক্ৰমশঃ তুমি আতৰি গৈ আছা . . . .

অনুভৱ কৰিছোঁ . . . .
                      সীমাহীন  দুখ . . . .

তোমাৰ মৰমেৰে উপচি পৰা. . . .
বুকুৰ পথাৰখন লাহে লাহে. . . .
                                      উদং হৈ পৰিছে   . . . .
উজাগৰী প্ৰতিটো নিশা পাৰ কৰো . . . .
                                    তোমাৰ ভাৱনাতে. . .
                 
কিয় বাৰু  সিচী গলা এমুঠি . . . . .
                                    জোনাক মোৰ বুকুতে  . . .
হেপাঁহবোৰে চোন আকৌ গজালি মেলিছে. . . .

তোমাৰ অভিমান বোৰে. . . .
                   বুকুত জোৱাৰ তুলিছে . . .. . 

এবাৰ ওভতি চোৱানা . . . . .

তুমি যে এতিয়াও মোৰ. . . . .
                   হৃদয়ৰ সীমালয় শীখৰত. . . . .

@মানস প্ৰতিম@ 

Tuesday, July 23, 2019

দুখৰ অশ্ৰু "বৃদ্ধাশ্ৰম"





হেৰা পোনাকনৰ মাক.........
আজি বুকুখন বৰকৈ বিষাইছে বুজিছা .....
মনত পৰিছে অ.....
কত যে হেৰাই গ'ল সেই সোণ সোণোৱালী দিনবোৰ ...
কিমান হেঁপাহেৰে সাজিছিলোঁ ঘৰখনি.....
কিমান যে কল্পনা কৰিছিলোঁ ....
আধাতেই সকলো শেষ হৈ গল.....

উটি গল সময়ৰ সোঁতত .....
আমাৰ সপোনবোৰ .....

আজি বৰকৈ মনত পৰিছে অ..... সেই দিনটোলৈ...
আমাৰ জীৱনলৈ পোনাকন আহিছিল .....
তোমাৰ যে আনন্দৰ সীমা নোহোৱা হৈছিল ....
এবাৰ হাঁহিছিলা এবাৰ কান্দিছিলা......
চুমাৰে উপচায় দিছিলা দুগাল.....

সচাকৈয়ে অ...........পোনাকনৰ মাক.........
ভবাটো নাছিলোঁ সিদিনা ........

হাতে হাত ধৰি খোজ কাঢ়িবলৈ  শিকালোঁ......
উচ্চ শিক্ষাৰে শিক্ষিত কৰিলোঁ........
ডাঙৰ মানুহ হল আমাৰ পোনাকন.........
সকলোৰে বাবে ডাক্তৰ বাবু হল......

আমাৰ বাবে যে সময়ে নোহোৱা হল তাৰ .....
নতুন জীৱন আৰম্ভ হল  চহৰীয়া জীৱন .....

যান্ত্ৰিকতাই........
একেবাৰে কোঙা কৰি পেলালে আমাৰ পোনাকনক......

তাৰ বাবে যে আমি গধুৰ বোজা হৈ গলো......
অৱশেষত বৃদ্ধাশ্ৰম আদৰি ললো .....
দুখ লাগে অ......
বৰ মনত পৰে তালৈ......
আমাৰেই তেজ সি.......

বছৰেকৰ বিহুটি আহিলে......
হেঁপাহৰ ঘৰখনলৈ বৰকৈ মনত পৰে.....
মনত পৰে তাৰ সৰু সৰু অভিমানবোৰলৈ .....
এজোৰ কাপোৰে যে তাৰ মনেই নভৰে......
চহৰৰ পৰা বেগ ভৰাই আনি দিছিলো .....
চাইকেলৰ কেৰিয়াত উঠি নাছি নাছি আহিছিল সি....
নিজকে বহুত সুখী অনুভৱ কৰিছিলোঁ .....
তাৰ হাঁহিত যে সৰগ চুই পাইছিলোঁ .....

আধৰুৱা হৈয়ে ৰৈ গল অ ........
পোনাকনৰ মাক.....আমাৰ সপোনবোৰ .......

আশ্ৰমত যেতিয়া কাঢ়িখন লৈ লাইন পাতি থাকোঁ ..
বুকুখন শুলে বিন্ধা দি বিন্ধে....অ......

জাৰৰ দিনবোৰ যে কপি কপি পাৰ কৰোঁ .....
মনত পৰি যায় অ....
তাক আমাৰ বুকুৰ মাজত ওম দি ৰখা দিনবোৰলৈ ......
দুখ নকৰিবা অ পোনাকনৰ মাক.......
এইয়া যে আমাৰ কপাল...... বুজিছা

হেৰা আজি যে তাৰ ওপজা দিন ......
সি চাগে পাহৰিলে .......

তুমি মই কেনেকৈ পাহৰিম........
ওপজা দিনৰে পৰা ২৭ টা বসন্ত পাৰহৈ গল.....
তাৰ নামৰ চাকিগছি আজিও জ্বলাইছোঁ আমি  ....

ভগৱানৰ ওচৰত কামনা মাথোঁ......
আমাৰ  পোনাকনক কুশলে ৰাখা । ।
 
@@মানস প্ৰতিম খনিকৰ@@
( বিঃদ্ৰঃ = মা দেউতাৰ মৰম অতুলনীয় ......
মা দেউতাৰ অবিহনে জীৱনৰ কোনো মূল্য নাই । 

বৃদ্ধাশ্ৰম  কেতিয়াও মা দেউতাৰ যোগ্য স্থান নহয় ...)



Monday, July 22, 2019

অভি, নীলৰ স্মৃতিত "নিয়তি"

অভি-নীল স্মৃতিত

"নিয়তি"

মই আহিলোঁ আই
সৌ নীলা আকাশৰ বুকুলৈ-------
তৰা-ভৰা আকাশখন আই
জিল-মিল জোনাকীৰে ভৰা,
সুকোমল জোনাকীৰ পৃথিৱী------

অ,,,,
তোকচোন কবলৈ আহৰিয়েই নাপালোঁ ------
সময়বোৰ বৰ নিষ্ঠুৰ জাননে আই???

ভুল কৰিলোঁ নেকি বাৰু???

ভুল মোৰ ক'ত হল আই???

হয়তো পিতাইৰ বাধা নেওচি আহিলোঁ বাবেই নেকি???

অহাৰ সময়ত বুকুখন কপিছিল জাননে,,,,,,
কিন্তু কি কৰিম আই,,,,,,
প্ৰকৃতিৰ মনোমোহা ৰূপেৰে সজোৱা মোৰ জীৱন,,,,,,
ইয়াৰ মাজতে বিচাৰি পাওঁ সকলোবোৰ,,,,,,
পাহাৰৰ সেউজীয়া বোৰ মোৰ মন বৰকৈ আকৰ্ষণ কৰিছিল আই,,,,,

কি যে মনোৰম দৃশ্য আই,,,,,
পাহাৰৰ শিখৰৰ পৰা নামি অহা জুৰিটিৰ কুলু কুলু  শব্দবোৰে আৰু পাহাৰী মলয়াজাকৰ চেঁঁচা পৰশে দেহত এক অবুুজ সিহৰন ৰ সৃষ্টি কৰিছিল,,,,,,
প্ৰাণ ভৰি চাই আছিলোঁ ভাৱনাত বিভোৰ হৈ বেলি দুবাৰ পৰলৈকে,,,,,,

লাহে লাহে অন্ধকাৰ নামিছিল ধৰাৰ বুকুলৈ,,,,,
এজাক জোনাকী আহি কাণে কাণে মোক কিবা কৈছিল
আন্ধাৰ ফালি আহিছিল এজাক অচিনা পখিও,,,,,
কিৰিলিয়াই কিৰিলিয়াই সিহঁতে ও কিবা কৈ গৈছিল মোক,,,,

নুবুজিলো আই,,,,,

ওভতনি যাত্ৰা ৰ  সময়লৈ নিয়তিয়ে যে অপেক্ষা কৰি আছে তাকেই বাৰে বাৰে কৈ গৈছিল সিহঁতে,,,,,

বৰ কষ্ট পাইছিলোঁ আই,,,,,
নিয়তিৰ প্ৰতি প্ৰহাৰত মই চিয়ৰিছিলো,,,,,
কান্দি কান্দি ভাগৰি পৰিছিলোঁ,,,,,
একোৱেই দেখা নাছিলোঁ আই,,,,,
দুচকুত মাথোঁ তহঁতৰ চবি,,,,,,
তহঁতক চোৱাৰ হেপাঁহত পাগলৰ দৰে চিয়ৰিছিলোঁ,,,,,,

নাই নোৱাৰিলো বুজাব আই ,নিষ্ঠুৰ নিয়তিৰ আঘাতত
তাতেই ধলি পৰিলোঁ,,,,

তই চাগে কান্দি আছ আই,,,
নাকান্দিবি আই,,,
এতিয়াও মই যে তহতৰ বুকুৰ মাজতেই।।



"ধন্যবাদ"

VERY GOOD MOBILE PHONE

https://amzn.to/2SMnycS